দিন দুপৰতে গোৱালপাৰাৰ লক্ষীপুৰত  বন্যহস্তীৰ আক্ৰমনত তিনি নিহত: elephant attack in assam

অসমত পুনৰ হাতীৰ আক্ৰমনৰ ঘটনা সংঘটিত হৈছে।( elephant attack in assam) বন্যহস্তীৰ বৃহৎ জাকে ৰাজপথত বাহনৰ ওপৰত চলালে ভয়ংকৰ আক্ৰমণ । গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ 12নং ৰাজ্যিক ঘাইপথৰ ওপৰত দিন দুপৰতে বন্য হস্তীৰ ভয়ংকৰ আক্ৰমণৰ ঘটনা  । বৃহস্পতিবাৰে সংঘটিত হৈছে এই ঘটনা।
হাতীৰ আক্ৰমনত নিহত তিনিগৰাকীকৈ লোক । হাতীৰ আক্ৰমণত নিহত হৈছে ৰমনি ৰাভা ( 29) জিনিছা ৰাভা (17মাহ ) আৰু জয়বৰ আলী ( 38) । জানিবপৰা মতে নিহত ৰমনি ৰাভা তেওঁৰ চাৰীজনীয়া পৰিয়ালটো লৈ ই ৰিক্সাৰে লক্ষীপুৰৰ চৈবাৰীৰ পৰা নিজ ঘৰ দুধনৈ অভিমূখে গৈ থকা অৱস্থাত বন্যহস্তীৰ জাকটোৱে নিৰ্মমভাৱে আক্ৰমন চলায় । আনহাতে নিহত জয়বৰ আলী ঘৰ ধুবুৰী জিলাৰ বিলাসীপাৰাত । 

assamelephant attack in assam 3 diedgoalparalakhipurthe guwahatiঅসমগোৱালপাৰাদিন দুপৰতে গোৱালপাৰাৰ লক্ষীপুৰত  বন্যহস্তীৰ আক্ৰমনত তিনি নিহতলক্ষীপুৰ
Comments (0)
Add Comment