Website Design: dastechnologies
কৰ বৃদ্ধি কৰাৰ বিৰুদ্ধে গুৱাহাটীত বিধায়ক অখিল গগৈৰ প্ৰতিবাদ। বিধান সভা চৌহদত অভিনৱ প্ৰতিবাদ কৰা দেখা গ’ল বিধায়কগৰাকীক। বিধায়ক অখিল গগৈয়ে অত্যাধিক কৰৰ বোজাৰে সর্বসাধাৰণক সন্ত্রাসিত কৰি তোলা বুলি হিমন্ত বিশ্ব শর্মী নেতৃত্বাধীন বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে। বিধায়ক গৰাকীয়ে কয় যে কৰৰ বোজা আৰু জৰিমনাৰে কাম কৰি যোৱা মানুহৰ ওপৰত অত্যাধিক বোজা জাপি দি চৰকাৰখনে জনসাধাৰণক সর্বস্বান্ত কৰি পেলাইছে। শিৱসাগৰ নগৰৰ উদ্ধৃতিৰে বিধায়ক গৰাকীয়ে কয় যে যোৱা বছৰলৈকে শিৱসাগৰ নগৰৰ পৌৰসভাই সম্পত্তি কৰ সংগ্ৰহ কৰিছিল বছৰি সৰ্বমুঠ ৪ কোটি টকা, তাৰ বিপৰীতে এই বছৰ সেই কৰ বছৰি সামুিঠ ১৩ কোটি টকালৈ বৃদ্ধি পাইছে। তেওঁ আৰু কয় যে যোৱা বছৰলৈকে যিগৰাকী ব্যক্তিয়ে মাত্র ১০০০ টাকা সম্পত্তি কৰ দি আছিল, এতিয়া সেই কৰ ২৩, ০০০ টকালৈ বৃদ্ধি পাইছে। তেওঁ উল্লেখ কৰে যে কেৱল শিৱসাগৰ চহৰতেই সম্পত্তি কৰ ৩২৫ শতাংশ পর্যন্ত বৃদ্ধি হৈছে।
একেদৰে শক্তি খণ্ডৰ উদ্ধৃতি দি বিধায়ক গৰাকীয়ে কয় যে বর্তমান অসমৰ বিদ্যুত মাছুল ভাৰতৰ ভিতৰতে নৱম, কিন্তু নতুনকৈ প্রস্তাবিত বিদ্যুত মাছুল কাৰ্যকৰী হ’লে এই পৰিসংখ্যা ভাৰতৰ ভিতৰতে দ্বিতীয় হৈ পৰিব।