True and Honest

সোনাপুৰত পথাচাৰীক মহতীয়াই পলায়ন কৰা বাহন সোমাল পুখুৰীত

0 78

গুৱাহাটীৰ সমীপৱৰ্তী সোনাপুৰত ভয়াৱহ পথ দুৰ্ঘটনা । এখন ট্ৰেভেলাৰে তীব্ৰ বেগৰে আহি পথাচাৰী এজনক মহতিয়াই লৈ যায়। ফলত এজন লোক ঠিতাতে নিহত হয় বুলি জানিব পৰা গৈছে । তেওবাৰ ২২ জানুৱাৰীৰ বিয়লী সংঘটিত হয় এই ঘটনা। ট্ৰেভেলাৰখনে গুৱাহাটীৰ পৰা যাত্ৰী লৈ গৈ আছিল।

ট্ৰেভেলাৰ খনত থকা যাত্ৰীয়ে জনোৱা মতে, মানুহ এজনে ৰাস্তা পাৰ হ’ব ওলাওতে খুন্দিয়াই দিয়ে। তাৰ পাছতে ৪০জন যাত্ৰী কঢ়িয়াই আনা ট্ৰভেলাৰ খন কচুতলি গাঁওৰ পথেৰে পলায়ন কৰোতে গাওঁৰ এটা পুখুৰীত সোমাই যায়।কথমপি প্ৰান ৰক্ষা পৰে ট্ৰেভেলাৰত থকা ৪০ জনকৈ যাত্ৰীৰ।

Leave A Reply