True and Honest

গুৱাহাটীত একাডেমী অৱ ক্ৰিয়েটিভ আৰ্টছৰ শিশু নাট্য পাঠৰ শুভাৰম্ভ

0 73

গুৱাহাটী: দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক অনুষ্ঠানত অসমৰ নাট্য ক্ষেত্ৰৰ বহুকেইজন সমল ব্যক্তিৰ উপস্থিতিত একাডেমী অৱ ক্রিয়েটিভ আৰ্টছৰ শিশু নাট্য পাঠৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। একাডেমী অব ক্রিয়েটিভ আর্টছে ৪ ফেব্ৰুৱাৰীৰ পৰা শিশুসকলক লগত লৈ শিশু সকলৰ বাবে Theatre in Education শিক্ষন প্রনালীৰ মাধ্যমত এবছৰীয়া নাট্য অভিনয়ৰ পাঠৰ শ্ৰেনী সমূহ আৰম্ভ কৰিব। এই নাট্য পাঠৰ মূল উদ্দেশ্য হৈছে শিশুৰ শৰীৰিক, মানসিক, বৌদ্ধিক বিকাশৰ লগতে সৃজনীমূলক চিন্তাধাৰা, জীৱনৰ আত্মানুসন্ধান, সমাজ আৰু স্কুলৰ পাঠ্যপুথি বুজি উঠাত সহায় হোৱাকৈ বিশ্বব্ৰহ্মাণ্ডৰ সৈতে চিনাকি কৰাই দিয়া। শিশু দক্ষতাক অধিক উজ্বলাই তোলাৰ উত্তম মাধ্যম হ’ল নাটক।

শিশু নাটক নিজেই এটা art from । এই art from শিশু সকলক সর্বোত্তম জীৱন অভিজ্ঞতা প্ৰদান কৰা এটা উপায়। শিশু নাটক মূলতঃ শিশুৰ আগ্ৰহক কেন্দ্ৰ কৰিয়েই গঢ় লৈ উঠিছে। Theatre in Education শিক্ষণ প্রনালীয়ে শিশুৰ আগ্ৰহক কেতিয়াও আওকাণ নকৰে বৰঞ্চ সঠিক দিশত ধাৱমান কৰাত সহায় কৰে। শিশুৰ ভিন্ন পৰিস্থিতি আৰু ভিন্ন পৰিস্থিতিত কেনেধৰণে চিন্তা কৰে, কেনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তাক অগ্রজ সকলে বিবেচনা কৰাটো অতিকে প্ৰয়োজনীয় ৷

শিশুসকলক কেৱল এজন পূর্ণাঙ্গ অভিনেতা বনোৱা বা মঞ্চত এখন সফল নাটক প্ৰদৰ্শন কৰা চিন্তাত সীমাবদ্ধ থাকিলে শিশু থিয়েটাৰৰ প্ৰকৃত ধাৰণাৰ পৰা আতঁৰি অহা হয়। আমি ডাঙৰ সকলে যেনেদৰে শিকো ঠিক তেনেদৰে শিশু সকলক শিকোৱা অনুচিত। কাৰন আমাৰ বিকাশৰ স্তৰ বোৰ ভিন্ন ভিন্ন। শিশুৰ বিকাশৰ অন্তৰ্গত জন্মৰ পৰা কৈশোৰৰ সমাপ্তিৰ মাজত মানুহৰ মাজত হোৱা জৈৱিক, মানসিক আৰু আৱেগিক পৰিৱৰ্তনো ভিন্ন। এই সময়ছোৱাত শিশুৰ বিকাশ তাৎপর্যপূর্ণ, কিয়নো এই সময়ছোৱা জীৱনৰ বিকাশৰ মাইলৰ খুঁটি স্বৰূপ। এই সকলোবোৰ বিকাশৰ স্তৰে স্তৰে theatre in Education শিক্ষণ প্ৰনালীৰ মাধ্যমত শিশুৰ বিশাল মনোজগতৰ গভীৰতালৈ সোমাই গৈ নাটকৰ জড়িতে অনুকুল বিকাশত সহায় কৰে।

একাডেমী অব ক্রীয়েটীভ আৰ্টছৰ নাট্য পাঠ বিভিন্ন বয়সৰ শিশুৰ বাবে বিশেষ ভাৱে ডিজাইন আৰু প্ৰস্তুত কৰি তোলা হৈছে । এই পাঠৰ জড়িয়তে এটি শিশুৰ অভিনয়ৰ কৌশল, মঞ্চৰ জ্ঞান আৰু নাটক প্রদর্শন, শ্ৰুতিমধুৰ কাহিনী কথন শৈলী, মৌলিক কাহিনী নির্মাণ, objective থিয়েটাৰ আদিৰ লগতে গঠন মূলক চিন্তা ধাৰাৰে প্ৰশ্ন উত্থাপন কৰিবলৈ শিকা, বৃহত্তৰ সমাজৰ মাজত নিজকে সজাগ সচেতনতাৰে জীৱনৰ সঠিক সিদ্ধান্ত বাচনি কৰি লোৱাত সহায়ক হব এই পাঠ্যক্রম । ইয়াৰ জৰিয়তে এটি শিশুৰ আত্মবিশ্বাস বৃদ্ধি,কল্পনা শক্তিৰ বিকাশ, আনজনৰ প্ৰতি সহানুভূতিশীল হোৱাৰ লগতে বিভিন্ন ক্ষেত্ৰত সহযোগিতা, মনোযোগ, যোগাযোগৰ দক্ষতা বৃদ্ধিৰ উপৰিও আবেগ অনুভূতি অনুভৱৰ উপস্থাপনৰ ক্ষেত্ৰত উপকৃত হ’ব।

Leave A Reply