Website Design: dastechnologies
অবৈধ পাহাৰ খননৰ বিৰুদ্ধে এই প্ৰতিবাদ।
সোনাপুৰ: ডিমৰীয়াৰ বিভিন্ন অঞ্চলত চলি থকা অবৈধ পাহাৰ খননকলৈ এইবাৰ সৰৱ হৈ উঠিছে ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থা। ২৩ জানিৱাৰী সোমবাৰে ছাত্ৰ সংগঠনটোৰ সদস্য সকলে সোণাপুৰ বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিমূৰ্তি দাহ কৰে। অঞ্চলটোত পাহাৰ খনন কাৰ্য্য বন্ধ থকাৰ পাছতো অবৈধভাৱে চলি থকা পাহাৰ খনন কাৰ্য্যৰ তীব্ৰ বিৰোধিতাৰে আজি এই কাৰ্য্যসূচী পালন কৰে আছুয়ে। অকল এইয়াই নহয় প্ৰতিবাদকাৰী সকলে এই পাহাৰ খননৰ বাবেই দুজনকৈ লোক ক্ৰমে দিপক বৰুৱা আৰু উমেশ আলী ১৫ দিনৰ ভিতৰত মৃত্যুক আকোঁৱালি ল’ব লগীয়া হোৱা বুলিও অভিযোগ উত্থাপন কৰে। এনে কাৰ্যৰ শীঘ্ৰেই বন্ধৰ দাবী উত্থাপন কৰি আজি প্ৰতিবাদ সাব্যস্ত কৰে আছুৰ নেতৃবৰ্গই । পিছত প্ৰতিবাদস্থলীত সোণাপুৰ আৰক্ষী উপস্থিত হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।