True and Honest

তেজপুৰত আপৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সম্পন্ন

0 126

লোকসভা নিৰ্বাচনৰ বাবে ১৬ জনীয়া সদস্যৰ এক ‘লোকসভা পৰ্যৱেক্ষণ গোট’ গঠন

তেজপুৰ : দেওবাৰে তেজপুৰত আম আদমি পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । সভাত সমষ্টিৰ পুনৰ নিৰ্ধাৰণ, বিৰোধীৰ ৰাজনৈতিক মিত্ৰতা, বিজেপি নেতৃত্বাধীন চৰকাৰৰ কাম-কাজৰ লগতে দলৰ সাংগঠনিক আৰু আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে দলীয় ৰণকৌশল সন্দৰ্ভত এই সভাত বিশদভাৱে আলোচনা কৰি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

”সভাত কাৰ্যনিৰ্বাহকে সিদ্ধান্ত গ্ৰহণ কৰে যে অসমত বিজেপিৰ বিকল্প কংগ্ৰেছ হ’ব নোৱাৰে । কংগ্ৰেছ দলটোক অসমৰ জনতাই প্ৰত্যাখ্যান কৰি থৈছে। এনে এটা দলৰ নেতৃত্বত আম আদমি পাৰ্টীয়ে মিত্ৰতা কৰিবলৈ অসুবিধা হ’ব আৰু কংগ্ৰেছৰ সৈতে একেখন মঞ্চত থাকিবলৈ অসুবিধা হ’ব। আদৰ্শগতভাৱেও আম আদমি পাৰ্টীয়ে তেতিয়াও দুৰ্নীতিৰ লগত আপোচ নকৰে। স্বাধীনোত্তৰ ৭৫ বছৰত অসমৰ অৰ্থনৈতিক অৱস্থা উন্নত কৰিব নোৱাৰাৰ কাৰণে বিজেপিৰ লগতে কংগ্ৰেছো দায়ী। সেয়ে বিজেপিৰ বিকল্প কংগ্ৰেছ হ’ব নোৱাৰে,” সংবাদ বিজ্ঞপ্তিত দলটোৰ মুখপাত্ৰই প্ৰকাশ কৰে এই কথা ।

সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ খচৰাই ৰাজ্যখনৰ খিলঞ্জীয়া লোকৰ ৰাজনৈতিক স্বাৰ্থ বিঘ্নিত কৰাৰ বিপৰীতে দল-নিৰ্বিশেষে হিমন্ত বিশ্ব শৰ্মাৰ বিশ্বস্ত অনুগামীসকলৰ লগতে বিজেপিৰ গোপন মিত্ৰ এ আই ইউ ডি এফৰ ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত কৰিবলৈ চেষ্টা কৰিছে বুলি দলটোৰ বিষয়ববীয়াই জানিবলৈ দিয়ে। এই খচৰাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগক আম আদমি পাৰ্টীয়ে এক স্মাৰক-পত্ৰ প্ৰদান কৰিব।

কাৰ্যনিৰ্বাহকত আম আদমি পাৰ্টীৰ সাংগঠনিক কাম-কাজৰ পৰ্যালোচনা কৰাৰ লগতে আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ বাবে দলৰ সকলো সদস্যক সাজু হ’বলৈ আহ্বান জনায়। ‘সেতুবন্ধন’ কাৰ্যসূচীৰ জৰিয়তে পঞ্চায়ত পৰ্যায়ৰ পৰা লোকসভা পৰ্যায়লৈকে সৰ্বসাধাৰণৰ ঘৰে ঘৰে গৈ জনতাৰ মনৰ বতৰা লোৱা লোৱাৰ লগতে নিৰ্বাচনৰ বাবে সাম্ভাব্য প্ৰাৰ্থীৰ সন্ধান কৰা হ’ব। আজিৰ সভাতে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ১৬ জনীয়া সদস্যৰ এক ‘লোকসভা পৰ্যৱেক্ষণ গোট’ গঠন কৰা হয়। এই গোটৰ সদস্যসকল হ’ল ক্ৰমে মনোজ ধানোৱাৰ, ব্ৰজেন কুমাৰ সন্দিকৈ, হেমন্ত ফুকন, ৰাজীব শইকীয়া, মামুন ইমদাদুল হক চৌধুৰী, অনুৰূপা ডেকাৰজা, লক্ষ্মীকান্ত দোবে, কমল কুমাৰ মেধি, আলাউদ্দিন আহমেদ, মতিৰাম কুটুম, জিতুল ডেকা, ঋষিৰাজ কুণ্ডন্য, বিনয় ডেকা, দিপাংকৰ কলিতা, কাৰ্তিক চৰকাৰ আৰু পুনম গগৈ।

Leave A Reply