True and Honest

মূল্য বৃদ্ধিৰ বিৰুদ্ধে আম আদমি পাৰ্টীৰ অসমত তীব্ৰ প্ৰতিবাদ

0 96

জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ

গুৱাহাটী : মূল্য বৃদ্ধিৰ বিৰুদ্ধে আপ মহিলা শক্তি, যুৱ শক্তি, ছাত্ৰ-যুৱ শাখা আৰু জিলা সমিতিসমূহে সমগ্ৰ অসমতে মঙলবাৰে প্ৰতিবাদী কাৰ্যসূচী হাতত লয় আৰু মুখ্যমন্ত্ৰীলৈ পৃথকে পৃথকে একোখনকৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰে।

গুৱাহাটীৰ গণেশগুৰিস্থিত হনুমান মন্দিৰৰ ওচৰত এই প্ৰতিবাদ সাব্যস্ত কৰা হয় আৰু জিলা আয়ুক্তৰ জৰিয়তে স্মাৰক-পত্ৰ প্ৰেৰণ কৰা হয়। এই সন্দৰ্ভত মহিলা শক্তিৰ মুখপাত্ৰ ৰেজীয়া চুলতানাই কয় যে চৰকাৰে মুল্যবৃদ্ধি ৰোধ কৰাত অকণো গুৰুত্ব দিয়া নাই। ওলোটাই তেওঁলোকে এই বৰ্ধিত দামৰ বাবে এটা বিশেষ সম্প্ৰদায়ক জগৰীয়া কৰি সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰি দিছে ।

এই কথা মানুহক নকব, অলপ হলেও শান্তি বৃদ্ধি হ’ব

ৰাজ্যিক মহিলা শক্তিৰ সভানেত্ৰী অনুৰূপা বড়োয়ে কয় যে চৰকাৰে এই ক্ষেত্ৰত অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আপ কামৰূপ মহানগৰ জিলা সমিতিৰ সভাপতি বল্লভ পাত্ৰই কয় যে চৰকাৰে অনতিপলমে এই ক্ষেত্ৰত কোনো ধৰনৰ ব্যৱস্থা গ্ৰহণ নকৰিলে অদূৰ  ভৱিষ্যতে আন্দোলন আৰু অধিক তীব্ৰতৰ কৰি তোলা হ’ব বুলি তেওঁ চৰকাৰক সকিয়াই দিয়ে।

গুৱাহাটীৰ লগতে অসমৰ আন আন ঠাইতো মূল্য বৃদ্ধিৰ বিৰুদ্ধে আম আদমি পাৰ্টীয়ে প্ৰতিবাদ সাব্যস্ত কৰে।

Youth Attacked For Speaking Assamese In Assam

Leave A Reply